ন্যাসৰ বিষয়ে

মুনীন বৰকটকীৰ ইচ্ছা আৰু আগ্ৰহক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ আৰু অসমীয়া সাহিত্যৰ সকলো প্ৰকাৰৰ মৌলিকভাৱে আৰু অনুবাদৰ জৰিয়তে উত্তৰণৰ উদ্দেশ্য আগত লৈ ১৯৯৪ চনত মুনীন বৰকটকী স্মাৰক ন্যাস গঠন কৰা হয়৷ ন্যাসৰদ্বাৰা প্ৰতিবছৰে এগৰাকী (বা ততোধিক) সম্ভাৱনাপূৰ্ণ তৰুণ লেখকক 'মুনীন বৰকটকী সাহিত্য বঁটা' (২০১৫ বৰ্ষৰপৰা 'মুনীন বৰকটকী বঁটা'ৰ নাম 'মুনীন বৰকটকী সাহিত্য বঁটা' কৰা হয়) প্ৰদান কৰা হয়৷ (বিস্তৃত তথ্যৰ বাবে বঁটাৰ সবিশেষ চাওক৷) ইতিমধ্যে অসম প্ৰকাশন পৰিষদৰদ্বাৰা ন্যাসৰ উদ্যোগত 'মুনীন বৰকটকী ৰচনাৱলী' (২০১৪, পাতনি : ডঃ হীৰেন গোহাঁই) সমগ্ৰ প্ৰকাশ পাইছে৷ তেনেকৈ আন কেইবাখনো গ্ৰন্থ ন্যাসৰদ্বাৰা আৰু ন্যাসৰ উদ্যোগত প্ৰকাশ পাইছে৷ ২০১৪-২০১৫ চনত মুনীন বৰকটকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ন্যাসে বহুকেইটা কাৰ্য্যসূচী ৰূপায়ণ কৰে৷ সৱিশেষ বিৱৰণৰ বাবে ইয়াতে ক্লিক কৰক এই সময়ছোৱাতে মুনীন বৰকটকীৰ জীৱন আৰু কৃতি বিষয়ক 'অপ্ৰকাশৰ বেদনা : মুনীন বৰকটকীৰ পৃথিৱী' (Living in the mind - The world of Munin Barkotoky, 2015) শীৰ্ষক এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়ায় বিশিষ্ট চলচ্চিত্ৰ পৰিচালক প্ৰবীণ হাজৰিকাই৷ ন্যাসৰ এনেধৰণৰ বৌদ্ধিক কাৰ্য্যসূচী আগলৈকো অব্যাহত থাকিব৷

মুনীন বৰকটকী স্মাৰক ন্যাসৰ প্ৰতিষ্ঠাপক ন্যাসৰক্ষী আছিল মুনীন বৰকটকীৰ পত্নী ৰেণুকাদেৱী বৰকটকী। ২০১৭ চনৰ ১৪ আগষ্টত ৰেণুকাদেৱী বৰকটকীৰ দেহাৱসানৰ পাছত তেওঁলোকৰ একমাত্ৰ জীয়াৰী ডঃ মীনাক্ষী বৰকটীয়ে প্ৰধান ন্যাসৰক্ষীৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।