বঁটা

মুনীন বৰকটকী তৰুণ লেখক, কবি, সমালোচক আৰু নাট্যকাৰসকলৰ প্ৰতি অত্যন্ত আগ্ৰহী আছিল আৰু তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকলৈ সততে পোষ্ট কাৰ্ড প্ৰেৰণ কৰিছিল৷ সেই স্মৃতিক সন্মানিত কৰিবলৈ মুনীন বৰকটকী স্মাৰক ন্যাসে অসমীয়া সম্ভাৱনাপূৰ্ণ তৰুণ লেখকসকলক উৎসাহিত কৰিবলৈ ১৯৯৫ চনৰপৰা প্ৰতিবছৰে 'মুনীন বৰকটকী সাহিত্য বঁটা' প্ৰদান কৰি আহিছে ৷ এতিয়ালৈকে দুকুৰিতকৈ অধিক লেখক-লেখিকাই এই বঁটা লাভ কৰিছে ৷

এই বঁটাত এটি স্মাৰকৰ লগতে আছে নগদ ধন (আৰম্ভণিতে ২৫ হেজাৰ আছিল যদিও ক্রমায়ে বাঢ়ি গৈ ২০১৫ চনৰপৰা ৫০ হেজাৰ হৈছে৷)৷ চল্লিশ বছৰ বা তাৰ তলৰ লেখক-লেখিকাকহে এই বঁটাৰ বাবে যোগ্য বুলি ধৰা হয়৷ এতিয়ালৈকে বঁটা প্ৰাপকসকলৰ সূচীখন ইয়াত পাব ৷ যোগ্যতা সম্পৰ্কীয় নিয়মাৱলী আৰু আবেদন তথা বাছনি প্ৰক্রিয়াৰ বিষয়ে জানিবলৈ ইয়াত ইয়াতে ক্লিক্ কৰক৷ আবেদনৰ বাবে আবেদনপত্ৰ ইয়াত পাব৷ বিশদ তথ্যৰ বাবে ন্যাসৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক৷

২০১৫ চনত ন্যাসে মুনীন বৰকটকী জন্ম শতবৰ্ষ আৰু মুনীন বৰকটকী সাহিত্য বঁটাৰ কুৰি বছৰ পূৰ্তি উপলক্ষে এখনি বিশেষ গ্ৰন্থ প্ৰকাশ কৰে৷ গ্ৰন্থখন হ’ল - ‘মুনীন বৰকটকী বঁটাঃ গ্ৰন্থ আৰু প্ৰাপকসকল’; সম্পাদনা : লুটফা হানুম ছেলিমা বেগম আৰু কুশল দত্ত৷