শতবাৰ্ষিকী উদযাপন (২০১৪-১৫)

শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীবোৰৰ সৰহভাগ আৰম্ভ হয় ২০১৪ চনৰ ১৮ অক্টোবৰ, কাতি বিহুৰ দিনা৷ সিদিনা যোৰহাটত এই শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভণি হয় আৰু ২০১৫ চনৰ ১৮ অক্টোবৰত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত আয়োজিত শতবাৰ্ষিকীৰ সামৰণী অনুষ্ঠানত এই সূচীৰ অন্ত পৰে৷

(ক) যোৰহাটৰ বালিগাঁৱত উদ্বোধনী অনুষ্ঠান

২০১৪ চনৰ ১৮ অক্টোবৰত শততম জন্মদিৱস উপলক্ষে ওপজা ঠাই যোৰহাটৰ বালিগাঁৱত মুনীন বৰকটকী জন্ম শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানটো সম্পন্ন হয়৷ মুনীন বৰকটকী স্মাৰক ন্যাসৰ সহযোগত এই অনুষ্ঠানটো সন্মিলিতভাৱে আয়োজন কৰে বালিগাঁও মিলন মন্দিৰ, বালিগাঁও সন্মিলনী নাট্য মন্দিৰ আৰু বালিগাঁও সাহিত্য সভাই৷ বছৰজোৰা জন্ম শতবৰ্ষ উদযাপন কাৰ্য্যসূচীৰ অংশ হিচাপে আয়োজিত উদ্বোধনী অনুষ্ঠানটোৰ বন্তি প্ৰজ্জ্বলন কৰে অধ্যাপক বীৰেন্দ্ৰনাথ দত্তই৷ ইন্দ্ৰজিৎ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত ‘বালিগাঁৱৰ চমু আভাস আৰু বৰকটকী পৰিয়ালৰ আঁতিগুৰি’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে অধ্যাপক উপেন্দ্ৰনাথ বৰকটকীয়ে৷

Audio

Gallery

  • Opening song by the Baligaon Ladies Group

  • Shraddhanjali by Smti. Nirmoli Barua, oldest citizen of Baligaon

  • Shraddhanjali by Sri Niren Bhattacharjee, President, Baligaon Natya Mandir

  • Shraddhanjali by Sri Indrajit Barua, President of the meeting

  • Shraddhanjali by Professor Birendranath Dutta, Chief Guest of the meeting

  • Shraddhanjali by Shri Upendra Barkataki, honoured guest of the meeting

  • Prof. Biren Dutta lighting the lamp to inaugurate the Centenary Celebrations

  • Trustee Dr. Meenaxi Barkataki describing the activities planned during the centenary year

  • Release of the book 'Baligaonor somu abhas aru Barkataki poriyalor aati-guri'

(খ) সাহিত্য সমালোচনা বিষয়ক আলোচনা-চক্ৰ

২০১৫ চনৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত মুনীন বৰকটকী স্মাৰক ন্যাসে এখনি দুদিনীয়া সাহিত্য বিষয়ক আলোচনা-চক্ৰৰ আয়োজন কৰে৷ আলোচনা-চক্ৰৰ বিষয় আছিল— ‘মুনীন বৰকটকীৰ অসম্পূৰ্ণ সপোন : উত্তৰ-পূবত সাহিত্য সমালোচনা’৷ আলোচনা-চক্ৰৰ মূল বক্তৃতা (keynote address)টো প্ৰদান কৰে অধ্যাপক নগেন শইকীয়াই৷ বিশিষ্ট সমালোচক প্ৰীতি গীল (নতুন দিল্লী), মাৰ্গাৰেট জামা (মিজোৰাম), অধ্যাপক প্ৰদীপ আচাৰ্য্য, অধ্যাপিকা ৰাখী কলিতা মৰল, মিত্ৰা ফুকন, অধ্যাপিকা মৌচুমী কন্দলী, অধ্যাপক বিভাস চৌধুৰী আৰু অন্যান্যসকলে উত্তৰ-পূবৰ অসমীয়া, বাংলা, নেপালী, মিচিং, বড়ো, মণিপুৰী আদি ভাষাৰ নিৰ্বাচিত ৮টা গল্পৰ তাত্ত্বিক আৰু বিশ্লেষণাত্মক পৰ্য্যালোচনা আগবঢ়ায়৷

Gallery

  • During the inaugural session with Arun Sarma, Dr. Nagen Saikia and Karabi Deka Hazarika.

  • Rakhee Maral and Mitra Phookan discussing Sanjib Pol Deka's short story while Mousumi Kandali and Bijoy T. Singh look on.

  • Dr. Nagen Saikia delivering the inaugural address.

  • A view of the audience including poet Hiren Dutta and Upen Sarma.

(গ) মুনীন বৰকটকীৰ জন্ম শতবাৰ্ষিকী, মুনীন বৰকটকী সাহিত্য বঁটাৰ বিংশতম বাৰ্ষিকী আৰু বঁটা প্ৰদান অনুষ্ঠান

২০১৫ৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত মুনীন বৰকটকী জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ উপৰি বিংশতম মুনীন বৰকটকী সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি বঁটা প্ৰাপকসকলৰ গ্ৰন্থৰ এখনি প্ৰদৰ্শনীও অনুষ্ঠিত হয়৷ তদুপৰি ‘মুনীন বৰকটকী বঁটা : গ্ৰন্থ আৰু প্ৰাপকসকল’ শীৰ্ষক লুটফা হানুম ছেলিমা বেগম আৰু কুশল দত্ত সম্পাদিত এখনি গ্ৰন্থও এই সভাতে উন্মোচন কৰে কবি, সমালোচক, অধ্যাপক হীৰেন্দ্ৰনাথ দত্তই৷সভাত ২০১৩ আৰু ২০১৪ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটাৰ প্ৰাপকসকলক আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে প্ৰথিতযশা কবি নীলমণি ফুকনে৷ সভাত সভাপতিত্ব কৰে অধ্যাপক বীৰেন্দ্ৰনাথ দত্তই৷ সভাৰ শেষত মুনীন বৰকটকীৰ জীৱন আৰু কৃতী বিষয়ক প্ৰবীণ হাজৰিকা পৰিচালিত তথ্যচিত্ৰ 'অপ্ৰকাশৰ বেদনা : মুনীন বৰকটকীৰ পৃথিৱী' (Living in the mind - The world of Munin Barkotoky, 2015) প্ৰদৰ্শন কৰা হয়৷

Gallery

  • Release of the book about past awardees on 28 Feb 2015 by noted poet Hirendranath Dutta

  • Apu Bharadwaj receiving the Munin Barkotoki award 2013 from Chief Guest Nilmoni Phukan on 28 Feb 2015.

  • Mridul Haloi receiving the Munin Barkotoki award 2013.

  • Tulika Devi receiving the Munin Barkotoki award 2014

  • Dibyajyoti Bora receiving the Munin Barkotoki award 2014.

  • A view of the book exhibition.

  • Some of the interested readers

(ঘ) সাংবাদিকতা বিষয়ক বক্তৃতানুষ্ঠান

মুনীন বৰকটকীৰ জন্ম শতবৰ্ষ উদযাপনৰ অংশস্বৰূপে ন্যাসে সাংবাদিকতা বিষয়ক এটি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত কৰে৷২০১৫ চনৰ ১৮ অক্টোবৰৰ ১০.৩০ বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত এই বক্তৃতা প্ৰদান কৰে অসম সন্তান, বিশিষ্ট সাংবাদিক, ‘দ্য হিন্দু’ কাকতৰ নতুন দিল্লীৰ পৰিচালন সম্পাদক অমিত বৰুৱাই৷বক্তৃতাৰ বিষয় আছিল — ‘Outmoded or Valid? Centres and Margins in the Age of Digital Journalism’৷ বক্তৃতানুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট সাংবাদিক সমুদ্ৰগুপ্ত কাশ্যপে৷ মূল বক্তৃতাৰ পাছতে এটি মত বিনিময় অনুষ্ঠানো সম্পন্ন হয়৷

Audio

Gallery

  • The distinguished audience.

  • Amit Baruah in conversation with Samudra Gupta Kashyap.

(ঙ) মুনীন বৰকটকী জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠান

বছৰজোৰা মুনীন বৰকটকী জন্ম শতবৰ্ষৰ সামৰণী অনুষ্ঠানটো গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত ২০১৫ৰ ১৮ অক্টোবৰৰ বিয়লি ৪ বজাত সম্পন্ন হয়৷ প্ৰসিদ্ধ সাংবাদিক ৰাধিকামোহন ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত সামৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায় অধ্যাপক নগেন শইকীয়াই৷ সভাত মুনীন বৰকটকী স্মাৰক ন্যাসৰ উদ্যোগত প্ৰকাশিত তিনিখন গ্ৰন্থও উন্মোচন কৰা হয়৷ গ্ৰন্থকেইখন হ’ল—

১৷ প্ৰজ্ঞাধিকাৰী মুনীন বৰকটকী ডঃ নগেন শইকীয়া, পূৰ্বাঞ্চল প্ৰকাশ, ২০১৫

২৷ Essentially Speaking: Biographical Snapshots, সম্পাঃ মীনাক্ষী বৰকটকী আৰু স্তুতি গোস্বামী, গৌহাটী ইউনিভাৰ্ছিটী প্ৰেছ, ২০১৫

৩৷ সত্যেন বৰকটকী : জীৱন আৰু কৃতিত্ব, , সম্পাঃ অৰিন্দম বৰকটকী, মুনীন বৰকটকী স্মাৰক ন্যাস, ২০১৫

তদুপৰি, সভাৰ শেষত মুনীন বৰকটকীৰ জীৱন আৰু কৃতী বিষয়ক প্ৰবীণ হাজৰিকা পৰিচালিত তথ্যচিত্ৰ 'অপ্ৰকাশৰ বেদনা : মুনীন বৰকটকীৰ পৃথিৱী' (Living in the mind - The world of Munin Barkotoky, 2015) প্ৰদৰ্শন কৰা হয়৷

(চ) মুনীন বৰকটকী জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠিত আন তিনিটা অনুষ্ঠান

অসম পাব্লিছাৰ্ছ এণ্ড বুক ছেলাৰ্ছ এছ’চিয়েনৰ উদ্যোগত আয়োজিত ২০১৪ বৰ্ষৰ উত্তৰ-পূব গ্ৰন্থমেলাত আন দুগৰাকীমান বৰেণ্য ব্যক্তিৰ লগতে মুনীন বৰকটকীলৈও জন্ম শতবৰ্ষৰ সন্মান জনোৱা হয়৷ এই উপলক্ষে ২০১৪ৰ নৱেম্বৰত অনুষ্ঠিত গ্ৰন্থমেলাত আয়োজক সংস্থাই মুনীন বৰকটকীৰ সোঁৱৰণত এখনি আলোচনা-চক্ৰও অনুষ্ঠিত কৰে৷

২০১৪ৰ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত সাহিত্য উৎসৱত অসম প্ৰকাশন পৰিষদৰদ্বাৰা প্ৰকাশিত ‘মুনীন বৰকটকী ৰচনাৱলী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷

২০১৫ৰ ২২ নৱেম্বৰত যোৰহাটত সম্পন্ন হয় মুনীন বৰকটকী সোঁৱৰণী এটি বিশেষ বক্তৃতানুষ্ঠান৷ যোৰহাট জিলা সাহিত্য সভাই আয়োজন কৰা অনুষ্ঠানটোত ‘সাহিত্যত বিশ্বজনীন ধাৰণা আৰু জাতীয় সাহিত্যৰ প্ৰাসংগিকতা’ বিষয়ত মুনীন বৰকটকী স্মাৰক বক্তৃতা প্ৰদান কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মদন শৰ্মাই৷

Gallery

  • Remembering the Centenarians at the Northeast Book Fair in Nov 2015 in Guwahati.