মানুহগৰাকীৰ বিষয়ে

আমাৰ সময়ৰ এক বিশেষ সত্তা মুনীন বৰকটকী (১৯১৫-১৯৯৩) আছিল বিস্তৃত অনুসন্ধিৎসা আৰু ব্যতিক্রমভাৱে ভিন্ন ৰুচিৰ মানুহ৷ তেওঁৰ আগ্ৰহে সামৰি লৈছিল সাহিত্য, সাংবাদিকতা, নাটক, বোলছবি, সংগীত, চিত্ৰকলা, খেল-ধেমালি আৰু নিশ্চিতভাৱে ৰাজনীতি৷ ছয় দশকৰ এক সুদীৰ্ঘ পৰিক্রমাত প্ৰকাশিত তেওঁৰ সাহিত্যকৰ্ম হ'ল মাত্ৰ বাৰটা গল্প আৰু স্কেছ, পাঁচটা কবিতা বা পেষ্টিচ, এখন একাংকিকা, বিভিন্ন বিষয়ৰ ৰচনা, চৌকা, বেললেটৰ (ৰস সাহিত্য), পৰ্য্যালোচনা (ৰিভিউ), সম্পাদকলৈ চিঠি আৰু এখন জীৱনীমূলক গ্ৰন্থ (বিস্মৃত ব্যতিক্রম)৷ সংখ্যাত তাকৰ হ'লেও এগৰাকী সচেতন লেখক আৰু সমালোচক হিচাপে সমসাময়িক সাহিত্য ক্ষেত্ৰখনত তেওঁ গভীৰ প্ৰভাৱ পেলাইছিল আৰু ন ন ভাবনা আৰু পৰীক্ষা-নিৰীক্ষাত ব্ৰতী হৈছিল৷ এগৰাকী উদাৰ মানৱতাবাদী হিচাপে কোনো ধৰণৰ অৱস্থানগত মতাদৰ্শক খামুচি থকাতকৈ তেওঁ গুৰত্ব দিছিল মূলতঃ স্বাধীনতা আৰু গণতন্ত্ৰক৷ গভীৰ বীক্ষণৰ অধিকাৰী এইগৰাকী উষ্ম হৃদয়ৰ ব্যক্তিৰ উত্তীৰত উন্তৰ্জীৱনক গৌৰৱ, ক্ষমতা অথবা লাভালাভৰ তুচ্ছ চিন্তাই প্ৰভাৱিত কৰিব পৰা নাছিল৷

যদিও যোৰহাটত জন্ম হৈছিল, জীৱনৰ বেছিভাগ সময় তেওঁ গুৱাহাটীতেই কটাইছিল৷ কলিকতা, ঢাকা আৰু শ্বিলঙতো তেওঁ আছিল৷ তেতিয়াৰ বিদ্যালয়সমূহৰ সংমণ্ডল পৰিদৰ্শক ৰায়চাহাব দুৰ্গাধৰ বৰকটকীৰ তেওঁ কনিষ্ঠ পুত্ৰ আছিল৷ মাকৰ ফালৰপৰা মুনীন বৰকটকীৰ আজোককাক আছিল ঊনবিংশ শতিকাৰ অসমৰ নৱ-জাগৰণৰ অগ্ৰণী পুৰুষ আনন্দৰাম ঢেকিয়াল ফুকন (১৮২৯-৫৯)৷ ১৯৫৯ চনত মুনীন বৰকটকীয়ে বিয়া কৰায় ৰেণুকা দেৱী বৰকটকীক৷ ৰেণুকা দেৱী বৰকটকী এগৰাকী লেখত ল'বলগীয়া ৰাজনীতিবিদ আৰু সমাজকৰ্মী৷

নিজৰ কৰ্মজীৱনৰ আৰম্ভণি পৰ্বত বৰকটকীয়ে সাহিত্য-সাংবাদিকতাত মনোনিৱেশ কৰে আৰু অতি সোনকালে তেওঁ সেইসময়ৰ এগৰাকী সুতীক্ষ্ণ সমালোচক-সাংবাদিক হিচাপে পৰিচিত হয়৷ নাট্য সমালোচক হিচাপে অসমৰ সমসাময়িক সাংস্কৃতিক জগতত গভীৰ প্ৰভাৱ পেলায়৷ সেইসময়ৰ স্থানীয় আৰু ৰাষ্ট্ৰীয় সংবাদজগতলৈও তেওঁ বিশেষ অৰিহণা যোগাইছিল৷ তদুপৰি, তেওঁ নিয়মীয়াকৈ দিনপঞ্জী লিখিছিল যদিও তেওঁ বেয়া হাতৰ আখৰে সেইবোৰৰ পাঠোদ্ধাৰ কৰাত বাধা দিছিল৷ তেওঁৰ হাতৰ আখৰৰ চানেকি চাবলৈ ইয়াত ক্লিক কৰক ৷ সংগীতৰ প্ৰতিও তেখেতৰ গভীৰ অনুৰাগ আছিল৷ ৰবীন্দ্ৰ সংগীত তেখেতৰ বৰ প্ৰিয় আছিল৷ তেখেতৰ এটা অতি প্ৰিয় ৰবীন্দ্ৰ গীত শুনিবলৈ ইয়াত ক্লিক কৰক৷

আনুষ্ঠানিক কৰ্মজীৱনত তেওঁ অসম চৰকাৰৰ প্ৰচাৰ বিভাগত চাকৰি কৰিছিল আৰু পৰৱৰ্তীকালত ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেচন্ ব্যুৰোৰ তথ্য অধিকাৰী হিচাপে কৰ্মৰত আছিল৷ ১৯৭০ চনত তেওঁ অল ইণ্ডিয়া ৰেডিঅ'ৰ বাৰ্তা সম্পাদক হিচাপে অৱসৰ গ্ৰহণ কৰে৷ অৱসৰৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগত কেইবছৰমান শিক্ষাদান কৰিছিল৷ জীৱনৰ অন্তিম সময়ত তেওঁ প্ৰচণ্ড নিদ্ৰাহীনতাত ভুগিছিল আৰু হতাশগ্ৰস্ত হৈছিল৷ ১৯৯৩ চনৰ ৬ নৱেম্বৰত বৰকটকীয়ে গুৱাহাটীৰ পঞ্চৱতীৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰিছিল৷ তেখেতৰ পত্নী ৰেণুকাদেৱী বৰকটকীৰ ২০১৭ৰ ১৪ আগষ্টত মহাপ্ৰয়াণ ঘটে।

[ অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰদ্বাৰা লিখিত A Munin Barkotoki Miscellany (১৯৯৮, বুক হাইভ, গুৱাহাটী) গ্ৰন্থৰ আগকথাৰপৰা]